Wednesday, 18 March 2015
নগেনে বিয়াখন পাতিয়েই পেলালে । বিয়াৰ দুদিনমান পাছত আলহী সকলো ঘৰাঘৰী গল.. এদিন নগেনৰ মাকে বোৱাৰী নো কেনেকুৱা পৰীক্ষা কৰিবলৈ সিহঁতৰ ৰুমলৈ সোমাল । ন-বোৱাৰীয়ে বিচনাত বহি Facebook কৰি আছিল ! শাহু আই যোৱা দেখি ভালকৈ বহি উৰণীখন লৈ ললে । শাহুৱেক- বোৱাৰী বহি আছা ! ধৰা এতিয়া মইও তোমাৰ বিচনাত বহিম, তেতিয়া তুমি কি কৰিবা ? বোৱাৰী- মই বিচনাৰ পৰা নামি চকীখনত বহিমগৈ মা.. শাহু- মই যদি চকীত বহো তেতিয়া তুমি কি কৰিবা.. বোৱাৰী- মই চকীৰ পৰা নামি সৰু বেঞ্চখনত বহিম.. শাহু- ঠিক আছে, আৰু যদি মই বেঞ্চত বহু ? বোৱাৰী- মই তেতিয়া মাটিত বহিম মা.. শাহুৱেকে ৰেগীঙৰ মজা লৈ মিছিক মিছিক হাঁহি কলে- মইও যদি মাটিত বহু তেতিয়া কি কৰিবা বোৱাৰী.. বোৱাৰীয়ে অতিষ্ঠ হৈ কলে- মই তেতিয়া মাটিত গাত খান্দি তলত বহিমগৈ... শাহুৱেকে হাঁহিত থাকিব নোৱাৰি কলে- হাঃ হাঃ আৰু যদি মই সেই গাতত তোমাৰ লগত বহোগৈ... ন-বোৱাৰীয়ে খঙত কলে- তেতিয়া মই গাতৰ পৰা উলাই আপোনাক গাতটোতে পুতি থম চাল্লা... আটা মাজি চটকলী ৰে বুঢ়ীমাই.. বোৱাৰীৰ খং দেখি শাহুৱেকে পলাই পটটং দিলে * যিসকলে নতুনকৈ বোৱাৰী পাইছে বা পাব, তেওঁলোকে বোৱাৰী সকলক পৰীক্ষা লব নাযাব দেই, আজিকালিৰ ন-বোৱাৰীয়ে সকলো ট্ৰেণীং পাছ হৈয়েই আহে
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment