Sunday, 29 March 2015
Friday, 20 March 2015
ল'ৰাবোৰৰ লগত সদায় কিমান অন্যায় হয় চাওকচোন … … … … … … … ১) ছোৱালী এজনিয়ে যদি কথা কৈ থাকে , তেতিয়া শুনি থাকিব পাৰি । কাৰণ তাইৰ মাতটো বৰ শুৱলা । একেখিনি কথা যদি ল'ৰা এটাই কৈ থাকে , তেিতয়া আকৌ মূৰ কামোৰণি হয় । ২) ছোৱালীবোৰ ওখ হ'লে মডেলৰ দৰে লাগে ,ল'ৰাবোৰ আকৌ ওখ হ'লে তামোল পুলি । ৩) ছোৱালীবোৰ ঘামিলে ধুনিয়া দেখায় , ল'ৰাবোৰ ঘামিলে আকৌ গেলা গেলা গোন্ধায় । ৪) ছোৱালীয়ে নখ ৰাখিলে সুন্দৰ লাগে , লৰাই নখ ৰাখিলে J C B বুলি কয় । ৫) ছোৱালীৰ আঙুলী দীঘল হ'লে সুন্দৰ হাত , ল'ৰাৰ হ'লে চিম্পাজী । আৰু শেষত ৬) ছোৱালীৰ চকু ডাঙৰ হ'লে হৰিণ নয়নি আৰু ল'ৰাৰ চকু ডাঙৰ হ'লে অমৰা গুটি । ৭) আৰু ইয়াৰ উপৰিও ফেচবুকত ছোৱালীৰ পোষ্টত তামাম লাইক আৰু আমাৰ লৰাৰ পোষ্টত একদম লাইক নাই । আমি ল'ৰাই কিমান যে সহ্য কৰিব লগা হয় ।। লৰা হয় এটা লাইক দিব নোৱাৰেনে
Wednesday, 18 March 2015
Doctor: এইখন কি ? পাগল: মই এইখন ৫০০ পৃষ্ঠাৰ কিতাপ লিখিছোঁ | Doctor: তুমি ৫০০ পৃষ্ঠাত ইমানকৈ কি নো লিখিছা ? পাগল : প্ৰথম পৃষ্ঠাত লিখিছোঁ - এজন ৰজাই এদিন ঘোঁৰাৰ পিঠিত উঠি জংগল এখনলৈ গ’ল / আৰু শেষৰ পৃষ্ঠাত লিখিছোঁ- ৰজাই গৈ জংগল পালেগৈ | Doctor: তেনেহ’লে মাজৰ ৪৯৮ পৃষ্ঠাত নো কি কি লিখিছা ? পাগল : টিগদিক টিগদিক টিগদিক ..... টিগদিক টিগদিক ...
হাইৱেত পুলিচে এখন গাড়ী ৰখালে আৰু ক'লে…… পুলিচ : এইটো চেফটি উইক ! আপুনি চিট বেল্ট পিন্ধি চলোৱা বাবে লাভ কৰিছে ১০০০ টকাৰ এক পুৰস্কাৰ । চালক : থেংক ইউ! পুলিচ : কি কৰিব কওকচোন এই টকাৰে? চালক : মই প্ৰথমে ……… . . দ্ৰাইভিং লাইচেনচ বনাম ! …… পুলিচ : হোৱাট ? সেই সময়তে…… চালকৰ মাক : বিশ্বাস নকৰিব ছাৰ ইয়াৰ কথা ! ই অলপ দ্ৰিংকচ কৰিলে যি তি বকে। …… পুলিচৰ মাত শুনি …… চালকৰ দেউতাক : মই জানিছোলেই চুৰিৰ গাড়ী বেছি দূৰ নিব নোৱাৰিম বুলি !…… পুলিচ : ব'ল তহত আজি চব জেলত ! … ঠিক তেনেতে…… গাড়ীৰ দিকিৰ পৰা…… . . . . . ' মা আমি বৰ্ডাৰ পাৰ হ'লো নে ? " ………
নগেনে বিয়াখন পাতিয়েই পেলালে । বিয়াৰ দুদিনমান পাছত আলহী সকলো ঘৰাঘৰী গল.. এদিন নগেনৰ মাকে বোৱাৰী নো কেনেকুৱা পৰীক্ষা কৰিবলৈ সিহঁতৰ ৰুমলৈ সোমাল । ন-বোৱাৰীয়ে বিচনাত বহি Facebook কৰি আছিল ! শাহু আই যোৱা দেখি ভালকৈ বহি উৰণীখন লৈ ললে । শাহুৱেক- বোৱাৰী বহি আছা ! ধৰা এতিয়া মইও তোমাৰ বিচনাত বহিম, তেতিয়া তুমি কি কৰিবা ? বোৱাৰী- মই বিচনাৰ পৰা নামি চকীখনত বহিমগৈ মা.. শাহু- মই যদি চকীত বহো তেতিয়া তুমি কি কৰিবা.. বোৱাৰী- মই চকীৰ পৰা নামি সৰু বেঞ্চখনত বহিম.. শাহু- ঠিক আছে, আৰু যদি মই বেঞ্চত বহু ? বোৱাৰী- মই তেতিয়া মাটিত বহিম মা.. শাহুৱেকে ৰেগীঙৰ মজা লৈ মিছিক মিছিক হাঁহি কলে- মইও যদি মাটিত বহু তেতিয়া কি কৰিবা বোৱাৰী.. বোৱাৰীয়ে অতিষ্ঠ হৈ কলে- মই তেতিয়া মাটিত গাত খান্দি তলত বহিমগৈ... শাহুৱেকে হাঁহিত থাকিব নোৱাৰি কলে- হাঃ হাঃ আৰু যদি মই সেই গাতত তোমাৰ লগত বহোগৈ... ন-বোৱাৰীয়ে খঙত কলে- তেতিয়া মই গাতৰ পৰা উলাই আপোনাক গাতটোতে পুতি থম চাল্লা... আটা মাজি চটকলী ৰে বুঢ়ীমাই.. বোৱাৰীৰ খং দেখি শাহুৱেকে পলাই পটটং দিলে * যিসকলে নতুনকৈ বোৱাৰী পাইছে বা পাব, তেওঁলোকে বোৱাৰী সকলক পৰীক্ষা লব নাযাব দেই, আজিকালিৰ ন-বোৱাৰীয়ে সকলো ট্ৰেণীং পাছ হৈয়েই আহে
Tuesday, 17 March 2015
~ নৱ বিবাহিতা এহাল পতি পত্নী ~ পত্নী :- তুমি মদ খোৱা নেকি ? পতি :- নাখাও ৷ পত্নী :- জুৱা খেলা নেকি ? পতি :- নেখেলো ৷ পত্নী :- চিগাৰেট খোৱা নেকি ? পতি :- ওহো নাখাও ৷ পত্নী :- কেতিয়াবা ছোৱালীৰ লগত ফচিছা নেকি ? পতি :- নাই ফচা ৷ পত্নী :- তেতিয়া হ'লে তোমাৰ দেখুন এটাও অসৎ স্বভাৱ নাই ৷ পতি :- মাত্ৰ এটাই অসৎ স্বভাৱ আছে ৷ পত্নী :- কি ? পতি :- ফাঁকি কথা কোৱা
~ নৱ বিবাহিতা এহাল পতি পত্নী ~ পত্নী :- তুমি মদ খোৱা নেকি ? পতি :- নাখাও ৷ পত্নী :- জুৱা খেলা নেকি ? পতি :- নেখেলো ৷ পত্নী :- চিগাৰেট খোৱা নেকি ? পতি :- ওহো নাখাও ৷ পত্নী :- কেতিয়াবা ছোৱালীৰ লগত ফচিছা নেকি ? পতি :- নাই ফচা ৷ পত্নী :- তেতিয়া হ'লে তোমাৰ দেখুন এটাও অসৎ স্বভাৱ নাই ৷ পতি :- মাত্ৰ এটাই অসৎ স্বভাৱ আছে ৷ পত্নী :- কি ? পতি :- ফাঁকি কথা কোৱা
Subscribe to:
Posts (Atom)